Skip to main content

Additional Important Translations, RG's Question Bank, SEBA Class 10 HSLC Exam

Additional Important Translations for SEBA Class 10, HSLC Exam from RG's Question Bank.


1. Translate into English.

i. ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী।

The Brahmaputra is the biggest river in Assam.

ii. গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।

Guwahati stands on the bank of the river Brahmaputra.

iii. গুৱাহাটী এখন বিখ্যাত চহৰ।

Guwahati is a famous city.

iv. গুৱাহাটীত ভালেমান স্কুল আৰু কলেজ আছে।

There are several schools and colleges in Guwahati.

v. গুৱাহাটীৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ।

The ancient name of Guwahati is Pragjyotishpur.

vi. চহৰখন পাহাৰেৰে আৱৰা।

The city is surrounded by hills.

vii. তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে?

Have you ever gone to Guwahati?

viii. যোৱা পূজাৰ বন্ধত মই গুৱাহাটীলৈ গৈছিলো।

I went to Guwahati during the last Puja holidays.

ix. মোৰ মা-দেউতা মোৰ লগত গৈছিল।

My parents accompanied me.

x. দেউতাই মোক সুধিছিল, "তুমি গুৱাহাটীৰ কলেজত পঢ়িবলৈ ইচ্ছা কৰানে?"

Father said to me, "Do you intend to study in a college in Guwahati?"




2. Translate into English.

i. ৰমেশ গুৱাহাটীত থাকে।

Ramesh lives in Guwahati.

ii. তেওঁৰ দেউতাকে এখন কলেজত কাম কৰে।

His father works in a college.

iii. মই কালি ৰমেশৰ ঘৰলৈ গৈছিলো।

I went to Ramesh's house yesterday.

iv. বাছখনৰ পৰা নামোতেই তেওঁক মই দেখা পাইছিলোঁ।

I saw him as soon as I got off the bus.

v. সেই সময়ত তেওঁ ফুলনিখনত বহি আছিল।

He was sitting in the garden at that time.

vi. তেওঁৰ দেউতাক ঘৰত নাছিল।

His father was not at home.

vii. মই ৰমেশক সুধিলো, "তোমাৰ দেউতা ঘৰত নাই নেকি?"

I said to Ramesh, "Is your father not at home?"

viii. তেওঁ মোক জনালে যে তেওঁৰ দেউতাক কলেজলৈ গৈছে।

He informed me that his father had gone to college.

ix. তেখেত উভতি আহোঁতে পলম হ'ব পাৰে।

He may be late in returning.

x. মই ক'লো, "মই তেন্তে কাইলৈ ৰাতিপুৱা তেওঁক লগ ধৰিবলৈ আহিম"।

I said, "I'll then meet him tomorrow morning".




3. Translate into English.

হৰি এজন ভাল ল'ৰা। তেওঁ সদায় ৰাতিপুৱা সোনকালে উঠে। তেওঁ ৰাতিপুৱা ছয় বজাত দেউতাকৰ লগত ফুৰিবলৈ যায়। তেওঁলোকে সাত বজাৰ লগে লগে ঘৰলৈ ওভতে। তেওঁ বিস্কুটেৰে চাহ একাপ খায় আৰু পঢ়িবলৈ বহে। তেওঁ দুঘণ্টা মনোযোগেৰে পঢ়ে। তেওঁ ন বজাত গা ধোৱে। তাৰ পিছত তেওঁ ভাত খাই স্কুললৈ যায়। স্কুললৈ যোৱাত তেওঁৰ কেতিয়াও পলম নহয়। তুমি ৰাতিপুৱা কিমান সময় পঢ়া?

Hari is a good boy. He always gets up early in the morning. He accompanies his father for a morning walk at 6 O'Clock in the morning. They return home as soon as it is 7 o'clock. He takes a cup of tea with biscuits and sits down to study. He reads attentively for two hours. He takes his bath at 9 O'Clock. Then he eats rice and goes to school. He is never late for school. How much time do you study in the morning?




4. Translate into English.

i. ৰীণাৰ দেউতাক এজন শিক্ষক।

Rina's father is a teacher.

ii. তেখেতে এই বিদ্যালয়ত দহ বছৰ ধৰি কাম কৰি আছে।

He has been working in this school for ten years.

iii. কালি মই তেখেতক বজাৰত লগ পালো।

I met him in the market yesterday.

iv. তেখেতে বজাৰত মাছ কিনি আছিল।

He was buying fish in the market.

v. তেখেতে মোক ক'লে, "তুমি ইয়াত কি কৰি আছা?"

He said to me, "What are you doing here?"

vi. মই তেখেতক ক'লো যে মই বজাৰলৈ আহিছিলোঁ।

I said to him, "I came to the market".

vii. মই প্ৰতি শনিবাৰে বজাৰলৈ যাওঁ‌।

I go to the market every Saturday.

viii. বজাৰখন আমাৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰৈত।

The market is at a distance of three kilometers from our house.

ix. বজাৰলৈ বহুত মানুহ আহে।

Many people come to the market.

x. অহা শনিবাৰে মই বজাৰলৈ নাযাওঁ‌।

I'll not go to the market next Saturday.




5. Translate into English

i. গোটেই ৰাতিপুৱা বৰষুণ দি আছিল।

It had been raining the whole morning.

ii. দেউতাই ক'লে, "এতিয়া ওলাই নাযাবা।"

Father said, "Don't go out now".

iii. "যদি এই বৰষুণত ওলাই যোৱা, তোমালোক তিতিবা।"

You will get drenched if you go out in this rain.

iv. বৰষুণ এৰালৈকে আমি ৰৈ থাকিলো।

We waited till the rain stopped.

v. আবেলি বেলিকা বতৰ মুকলি হ'ল।

The weather became clear in the afternoon.

vi. আকাশত মেঘ নাছিল।

There was no cloud in the sky.

vii. কিন্তু চিৰিয়াখানালৈ যাবলৈ দেৰি হ'ল।

But it was late in going to the Zoo.

viii. মই লালা আৰু ৰাণাক ক'লো, "ব'লা, আমি নৈৰ পাৰলৈ যাওঁ‌।"

I said to Lala and Rana, "Let us go to the river bank".

ix. আমি নৈৰ পাৰে পাৰে ফুৰিলো আৰু ধুনীয়া দৃশ্যবোৰ উপভোগ কৰিলো।

We walked along the river bank and enjoyed the beautiful scenary.

x. আন্ধাৰ হোৱাৰ লগে লগে আমি ঘৰলৈ উভতিলো।

We returned home as soon as it was dark.




6. Translate into English.

i. অতুল এজন ভাল ল'ৰা। তেওঁৰ দেউতাক এজন খেতিয়ক। অতুল আৰু তেওঁৰ ভনীয়েক এইখন হাইস্কুলত পঢ়ে। তেওঁৰ ভনীয়েকজনীৰ নাম অনিমা। অহা সোমবাৰৰ পৰা আমাৰ বাৰ্ষিক পৰীক্ষা আৰম্ভ হ'ব। তেওঁ ৰাতিপুৱাৰ পৰা পঢ়িয়েই আছে। দেউতাই মোক সুধিলে, "তুমি আজি স্কুললৈ নগ'লা কিয়?" মই ক'লো যে আজি আমাৰ স্কুল বন্ধ। অহা ৰবিবাৰে মই চিৰিয়াখানালৈ যাম। চিৰিয়াখানাত বহুত জন্তু আছে।

Atul is a good boy. His father is a farmer. Atul and his sister read in this high school. His sister's name is Anima. Our Annual Examination will begin from next Monday. He has been reading since morning. Father said to me, "Why did you not go to School today?" I said, "Our school is closed today". I shall go to the zoo next Sunday. There are many animals in the zoo.




7. Translate into English

i. অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া। এই দৃশ্য চাবলৈ বিদেশৰ মানুহ অসমলৈ আহে। তুমি গুৱাহাটীৰ চিৰিয়াখানা দেখিছানে? তাত নানা ধৰণৰ পশু-পক্ষী আছে। অসনৰ কাজিৰঙা পৃথিৱী বিখ্যাত। তাত থকা গঁ‌ড় অতি মূল্যৱান জন্তু। মই এতিয়ালৈকে কাজিৰঙা দেখা নাই। পৰীক্ষাৰ পিছত তালৈ যাম বুলি ভাবিছো। তুমি যদি আহা, আমাৰ লগতে যাব পাৰিবা। আমাৰ শ্ৰেণী শিক্ষকে কৈছিল, "ভ্ৰমণে জ্ঞান বৃদ্ধি কৰে।"

The natural scenery of Assam is very beautiful. Foreigners visit Assam to enjoy this scenery. Have you seen the Zoo in Guwahati? There are many kinds of birds and animals. Assam's Kaziranga is world famous. The rhinocerous found there is a very valuable animal. I have not yet seen Kaziranga. I have decided to go there after the examination. You can accompany us there if you come. Our class teacher said, "Travelling increases knowledge".




8. Translate into English.

মই ৰাতিপুৱা ৮ বজাত স্কুললৈ যাওঁঁ। মোৰ ভনীজনীও মোৰ লগত যায়। আমি দুয়ো ৰিক্সাৰে স্কুললৈ যাওঁ‌। আবেলি দুই বজাত আমাৰ স্কুল ছুটি হয়। মই পোনে-পোনে ঘৰলৈ আহোঁ‌। মুখ হাত ধুই জলপান খাওঁ। তাৰ পিছত আমাৰ খেলাৰ সময়। আমাৰ ঘৰৰ ওচৰতে এডোখৰ মুকলি ঠাই আছে। তাতে আমি সদায় খেলা-ধুলা কৰোঁ। খেলা-ধুলাই আমাৰ স্বাস্থ্য ভালে ৰাখে।‌

I go to school at 8 O'Clock in the morning. My sister also goes with me. We both go to school by rickshaw. Our school breaks up at 2 O'clock in the afternoon. I return straight home. I have some snacks after washing my hands and feet. Next is our time for playing. There is an open plot near our home. We always play there. Playing keeps us physically fit.

More Translations Here

Link 1

Link 2

Comments

Post a Comment