Skip to main content

Assamese to English Translation | SEBA Class 9 | RG's Question Bank


Q. অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা।

     Translate into English

     R G's Question Bank, Class IX, SEBA


(1)

1. ৰাম সাধু ল'ৰা।

2. কোঠাটোত তিনিজনী ছোৱালী আছে।

3. বাছখন এইমাত্ৰ আহি পাইছে।

4. তেওঁ আহি পোৱাৰ লগে লগে ৰেলখন এৰিলে।

5. তাই ৰাতিপুৱাৰে পৰা পঢ়ি আছে।

Answers:

1. Ram is an honest boy.

2. There are three girls in the room.

3. The bus has arrived just now.

4. The train left as soon as he came.

5. She has been reading since morning.




(2)

1. ৰমেনৰ দেউতাক যোৱা বছৰ ঢুকাইছে।

2. তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ‌।

3. আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল।

4. মই তাইক সুধিলোঁ‌, "গীতা, ক'লৈ যোৱা?"

5. তাই ক'লে, "ডাক্তৰৰ ওচৰলৈ।"

Answers:

1. Ramen's father passed away last year.

2. I was reading English when you came.

3. The game had started before we reached the playground.

4. I said to her, "Where are you going, Gita?"

5. She said, "To the doctor".




(3)

1. তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও হ'ব লাগিব।

2. মই যিমান খৰকৈ লিখিব পাৰোঁ‌, তুমি সিমান খৰকৈ লিখিব নোৱাৰা।

3. মই সদায় ৰাতিপুৱা সোনকালে শুই উঠো।

4. দুখীয়াৰ প্ৰতি দয়ালু হ'বা।

5. সি এজন শান্ত ল'ৰা।

Answers:

1. You should be not only intelligent but aslo industrious.

2. You cannot write as fast as I can.

3. I always get up early in the morning.

4. Be kind to the poor.

5. He is a quiet boy.




(4)

1. এন্ধাৰ হোৱাৰ আগতে মানুহজন ঘৰলৈ উভতি আহিছিল।

2. যদি তুমি মন দি নপঢ়া, পৰীক্ষাত কৃতকাৰ্য্য হ'ব নোৱাৰিবা।

3. ল'ৰাজন অকল বুধিয়কেই নহয় পৰিশ্ৰমীও।

4. পকা আমবোৰ ল'ৰাবোৰৰ মাজত ভগাই দিয়া।

5. সি খোজকাঢ়ি স্কুললৈ আহে, বাছেৰে নাহে।

Answers:

1. The man had returned home before it was dark.

2. If you do not study attentively, you cannot succeed in the examination.

3. The boy is not only intelligent but also industrious.

4. Distribute the ripe mangoes among the boys.

5. He comes to school on foot, not by bus




(5)

1. শিক্ষকে ছাত্ৰজনক সুধিছিল, "তোমাৰ জীৱনৰ লক্ষ্য কি?"

2. মোহন মোৰ অন্তৰংগ বন্ধু।

3. যিমান পঢ়িবা সিমানেই শিকিবা।

4. তেওঁ গান গাবও নাজানে, নাচিবও নাজানে।

5. বতৰ ফৰকাল হ'লে খেলিবলৈ যাবা।

Answers:

1. The teacher said to the student, "What is your aim in life?"

2. Mohan is my intimate friend.

3. The more you read the more you will learn.

4. He knows neither singing nor dancing.

5. Go to play when the weather is clear.




(6)

1. তেখেতৰ মতে ৰাতুল সঁ‌চাকৈ এজন সৎ ল'ৰা।

2. অহা সোমবাৰৰ পৰা পৰীক্ষা আৰম্ভ হ'ব।

3. কৰিমে ৰহিমক সুধিছিল, "ৰহিম তুমি কেতিয়াবা আগ্ৰালৈ গৈছানে?"

4. তাত তেওঁৰ এজন মোমায়েক থাকে।

5. কাশ্মীৰ ভাৰতৰ আটাইতকৈ ধুনীয়া ঠাই।

Answers:

1. According to him, Ratul is really an honest boy.

2. Our examination will start next Monday.

3. Karim said to Rahim, "Have you ever been to Agra, Rahim?"

4. One of his maternal uncles lives there.

5. Kashmir is the most beautiful place in India.




(7)

1. কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ।

2. গৰু ঘাঁ‌হ খাই জীয়াই থাকে।

3. তুমি কি খেল আটাইতকৈ বেছি ভাল পোৱা?

4. আমি ষ্টেচন পোৱাৰ পিছত ৰে'লখন এৰিছিল।

5. তুমি কিমান দূৰলৈ খোজ কাঢ়িবা?

Answers:

1. Kashmir is an inseparable part of India.

2. The cow lives on grass.

3. Which game do you like the best?

4. The train left after we had reached the station.

5. How far will you walk?




(8)

1. গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ডাঙৰ দলং আছে।

2. ব্ৰহ্মপুত্ৰত সাঁ‌তোৰা সহজ নহয়।

3. তেওঁ যদিও চহকী নহয়, তথাপি সুখী।

4. ৰাতিপুৱা ফুৰাটো এটা ভাল অভ্যাস।

5. ল'ৰাজনে ফুটবল বা ক্ৰিকেট একো খেলিব নাজানে।

Answers:

1. There is a large bridge over the Brahmaputra near Guwahati.

2. It is not easy to swim in the Brahmaputra.

3. Though he is not rich, he is happy.

4. Morning walk is a good exercise.

5. The boy does not know how to play either football or cricket.




(9)

1. মই তেওঁক সুধিলো, "তুমি সাঁ‌তুৰিব জানানে?"

2. বাৰিষা বৰষুণ হয়।

3. আজি ৰাতি ধুমুহা হ'ব পাৰে।

4. যোৱা বছৰ ডাঙৰ বানপানী হৈছিল।

5. তুমি কিমান সময়ৰ পৰা ইয়াত আছা?

Answers:

1. I said to her, "Do you know how to swim?"

2. It rains in the rainy season.

3. There may be a storm tonight.

4. There was a major flood last year.

5. How long have you been waiting here?




(10)

1. পৰীক্ষাত প্ৰথম হোৱা ল'ৰাজনক মই চিনি পাওঁ‌।

2. ভাল ল'ৰাই কেতিয়াও অবাবত সময় নষ্ট নকৰে।

3. শিক্ষকে সুধিলে, "তোমালোকৰ কোনে প্ৰশ্নটোৰ উত্তৰ জানা?"

4. মই ক'লো, "মই জানো মহাশয়।"

5. বৰ্তমান আমাৰ বছৰেকীয়া পৰীক্ষা চলি আছে।

Answers:

1. I know the boy who stood first in the examination.

2. A good boy never wastes time in vain.

3. The teacher said, "Who among you knows the answer to the question?"

4. I said, "I know, Sir."

5. Our annual examination is going on at present.




(11)

1. পৰীক্ষাৰ শেষত আমি ফুৰিবলৈ যাম।

2. বঙাইগাঁ‌ও এখন জিলা চহৰ।

3. এই চহৰখন আগতে ইমান ডাঙৰ নাছিল।

4. মই বঙাইগাঁ‌ওলৈ অহাৰ আগতে ই এখন গাওঁ আছিল।

5. মই ১৯৬৬ চনৰ পৰা বঙাইগাওঁ‌ত বাস কৰি আছোঁ‌।

Answers:

1. We'll be travelling after the examination ends.

2. Bongaigaon is a district headquarters.

3. This city was not so big earlier.

4. Bongaigaon was a village before we came here.

5. I have been living in Bongaigaon since 1966.




(12)

1. বঙাইগাওঁ‌ত কেবাখনো মহাবিদ্যালয় আৰু বিদ্যালয় আছে।

2. বঙাইগাওঁ‌ এখন চহৰেই নহয়, ই বেহা-বেপাৰৰ কেন্দ্ৰও।

3. মানুহে বয়বস্তু কিনিবলৈ বঙাইগাওঁ‌লৈ আহে।

4. কেইবাখনো বাছ বঙাইগাওঁ‌ৰ পৰা গুৱাহাটীলৈ যায়।

5. মানুহে আগতে খোজকাঢ়ি বঙাইগাওঁ‌লৈ আহিছিল।

Answers:

1. There are several schools and colleges in Bongaigaon.

2. Bongaigaon is not only a city but also a centre of trade and commerce.

3. People come to Bongaigaon to purchase things.

4. Several buses go from Bongaigaon to Guwahati.

5. People used to come to Bongaigaon on foot.




(13)

1. ৰমেনে মোক কৈছিল, "আহা, আমি আজি বঙাইগাওঁ‌লৈ যাওঁ‌।"

2. নবীন আমাৰ শ্ৰেণীৰ প্ৰথম ল'ৰা।

3. তেওঁ এজন মেধাৱী ছাত্ৰ।

4. তেওঁৰ দেউতাক এজন আদৰ্শ শিক্ষক।

5. নবীন খেলা-ধুলাতো ভাল।

Answers:

1. Ramen said to me, "Let us go to Bongaigaon today."

2. Nabin is the first boy in our class.

3. He is a brilliant student.

4. His father is an ideal teacher.

5. Nabin is also good at games and sports.




(14)

1. যোৱা বাৰ্ষিক ক্ৰীড়া-প্ৰতিযোগিতাত তেওঁ বিদ্যালয়ৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল।

2. মই তেওঁক সুধিলো, "তুমি কিমান সময় পঢ়া?"

3. নবীনে ক'লে যে তেওঁ প্ৰতিদিনে ছয়ঘণ্টাকৈ পঢ়াশুনা কৰে।

4. তোমালোকে খেলিথকা সময়ত মই পঢ়ি থাকিম।

5. আমি আশা কৰোঁ তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল স্থান লাভ কৰিব।

Answers:

1. He became the best player in the last sports competitions.

2. I said to him, "How much time do you read?"

3. Nabin said that he reads six hours daily.

4. When you will be playing, I shall be reading.

5. We hope he will pass the matriculation examination with flying colours.




(15)

1. ঈশ্বৰে যেন তেওঁক আশীৰ্বাদ দিয়ে।

2. আমাৰ এজন খুড়া শিৱসাগৰত থাকে।

3. শিৱসাগৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই।

4. মোৰ জন্মৰ আগতে তেওঁ তালৈ গৈছে।

5. তেতিয়াৰেপৰা তেওঁ এখন কলেজত কাম কৰি আছে।

Answers:

1. May God bless him.

2. One of our uncles lives in Sivasagar.

3. Sivasagar is a historical place.

4. He went there before my birth

5. He has been working in a college since then.




(16)

1. মই তালৈ এবাৰো যোৱা নাই।

2. তেওঁ আমাক চিঠিৰেই উপদেশ দিয়ে।

3. তেওঁ কয়, "সদায় অসৎ সংগ ত্যাগ কৰিবা।"

4. খুড়ালৈ এখন চিঠি পঠোৱা হৈছে।

5. মই তেওঁক জনাইছোঁ যে বন্ধত মই তালৈ যাম।

Answers:

1. I have not gone there even once.

2. He advises us through letters.

3. He says, "Always avoid bad company."

4. A letter has been sent to uncle.

5. I have informed him that I shall go there during holidays.




(17)

1. তুমিও আমাৰ লগত তালৈ যাবা নেকি?

2. পৃথিৱী সুমথিৰাৰ দৰে গোলাকাৰ।

3. বাঘ হাবিত থাকে।

4. শিশুটিয়ে তেতিয়া টোপনিয়াই আছিল।

5. গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে।

Answers:

1. Will you also accompany us there?

2. The earth is spherical like an orange.

3. Tigers live in forests.

4. The child was dozing then.

5. There is a university in Guwahati.




(18)

1. সদায় সঁ‌চা কথা ক'বা।

2. মই তেওঁক সুধিলোঁ‌, "তুমি ক'লৈ যোৱা?"

3. সি ইমানেই দুৰ্বল যে লৰচৰ কৰিবই নোৱাৰে।

4. মানুহ মৰণশীল।

5. যদু আৰু মধু উভয়েই ভাল ল'ৰা।

Answers:

1. Always speak the truth.

2. I said to him, "Where do you go?"

3. He is so weak that he cannot move.

4. Man is mortal.

5. Both Jadu and Madhu are good boys.




(19)

1. যদি বৰষুণ দিয়ে তেন্তে মই বাহিৰলৈ নাযাওঁ‌।

2. ৰাতিপুৱা সোনকালে উঠাটো স্বাস্থ্যৰ কাৰণে ভাল।

3. তেওঁ এতিয়াও আহি পোৱা নাই।

4. সীতা গীতাতকৈ ধুনীয়া।

5. শিক্ষক অহাৰ লগে লগে আমি থিয় হৈছিলোঁ।

Answers:

1. If it rains, I shall not go out.

2. Early rising is good for health.

3. He has not yet come.

4. Sita is more beautiful than Gita.

5. We stood up as soon as the teacher came.




(20)

1. তেখেতে আমাক কেইটামান প্ৰশ্ন সুধিছিল।

2. মই ঘৰলৈ যাওঁ‌তে ভনীজনী শুই আছিল।

3. তুমি যদি ইচ্ছা কৰা মই এটা সাধু ক'ম।

4. শিক্ষকে কৈছিল, "সময়মতে স্কুললৈ আহিবা।"

5. পৰীক্ষাৰ পিছত আমি বনভোজ খাবলৈ যাম।

Answers:

1. He asked us a few questions.

2. When I went home, sister was sleeping.

3. I shall tell you a story if you would like it.

4. The teacher said, "Attend school in time."

5. We shall have a picnic after the examination.




(21)

1. ৰবীনে ক'লে যে সি গল্পটো লিখা নাই।

2. জাৰকালি হিম পৰে।

3. মানুহজন বুধিয়ক, নহয়নে?

4. আকাশলৈ চোৱাচোন, বৰষুণ দিব পাৰে।

5. বেলি মাৰ যোৱাত আমি ঘৰলৈ উভতিলো।

Answers:

1. Robin said that he had not written the story.

2. There is snowfall in winter.

3. The man is intelligent, isn't he?

4. Look at the sky, it may rain.

5. We returned home after the sunset.




(22)

1. ধনী হোৱাহেঁ‌তেন মইও গাড়ী কিনিলোহেঁ‌তেন।

2. সকলো মানুহে মিঠাই ভাল নাপায়।

3. তুমি যিজন মানুহ দেখিছিলা, তেখেত আমাৰ শিক্ষক।

4. দেইতাই কৈছিল, "জ্ঞানেই বল।"

5. আমাৰ বিদ্যালয়খনৰ সন্মুখত এখন ফুলৰ বাগিচা আছে।

Answers:

1. If I were rich, I too would buy a car.

2. Not all people like sweets.

3. The man you saw is our teacher.

4. Father said, "Knowledge is power."

5. There is a flower garden in front of our school.




(23)

1. এই কিতাপখন সৌখনতকৈ গধুৰ নহয়।

2. গান্ধীজীক জাতিৰ পিতা বোলা হয়।

3. তেওঁ সদায় সঁ‌চা কথা কৈছিল।

4. গান্ধীজীয়ে কৈছিল, "অহিংসাই পৰম ধৰ্ম।"

5. বেদ হিন্দুসকলৰ ধৰ্ম পুথি।

Answers:

1. This book is not heavier than that book.

2. Gandhiji is called the father of the nation.

3. He always spoke the truth.

4. Gandhiji said, "Non-violence is the greatest virtue."

5. The Vedas are the religious texts of the Hindus.




(24)

1. তেওঁ‌ হিন্দী আৰু ইংৰাজী ক'ব নোৱাৰে।

2. বাগিচাত কোনে কাম কৰি আছে?

3. নদীখন কিমান সুন্দৰ।

4. মানুহজনে ৰাতিপুৱাৰেপৰাই পথাৰত কাম কৰি আছে।

5. মই যেতিয়া খুড়াদেউৰ ঘৰ পালোগৈ, তেতিয়া তেওঁ এখন কিতাপ পঢ়ি আছিল।

6. মোৰ ডাঙৰ ককাইদেউ অলপতে ইয়ালৈ আহিব।

Answers:

1. He can speak neither Hindi nor English

2. Who is working in the garden?

3. How beautiful the river is!

4. The man has been working in the field since morning.

5. When I reached my uncle's house, he was reading a book.

6. My elder brother will come here shortly.




(25)

1. মই এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী।

2. তেজপুৰ এখন ধুনীয়া চহৰ।

3. গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে।

4. তেওঁ কৈছিল, "অনুগ্ৰহ কৰি মোক সহায় কৰা।"

5. মই কলমটো হেৰুৱালো।

Answers:

1. I am a student of Class IX

2. Tezpur is a beautiful city.

3. There is a university in Guwahati.

4. He said, "Please help me."

5. I have lost the pen.




(26)

1. ৰাজু আৰু কানু দুয়ো সাধু ল'ৰা।

2. শিক্ষকে সিহঁতক সুধিছিল, "তোমালোকে দিনে কেইঘণ্টাকৈ পঢ়া?"

3. ৰাজু কানুতকৈ শকত।

4. বছৰেকীয়া পৰীক্ষাৰ পাছত সিহঁত মোমায়েকৰ ঘৰলৈ যাব।

5. মই তেওঁলোকৰ ঘৰলৈ যাওঁ‌তে দুয়োজনে পঢ়ি আছিল।

Answers:

1. Both Raju and Kanu are honest boys.

2. The teacher said to them, "How many hours a day do you read?"

3. Raju is fatter than Kanu.

4. They will go to their maternal uncle's house after the examination.

5. Both of them were reading when I visited their house.




(27)

1. আমি খেলপথাৰ পোৱাৰ আগেয়ে খেল আৰম্ভ হৈছিল।

2. তুমি চাইকেল চলাব জানানে?

3. মানুহজন এতিয়াও আহি পোৱাহি নাই।

4. যদি বৰষুণ দিয়ে মই স্কুললৈ নাযাওঁ‌।

5. মই যোৱা বছৰ দিল্লীলৈ গৈছিলো।

6. মোৰ খুড়া যোৱা দহ বছৰ ধৰি দিল্লীত আছে।

Answers:

1. The match had started before we reached the playground.

2. Do you know how to ride a bicycle?

3. The man has not yet arrived.

4. If it rains, I shall not go to school.

5. I went to Delhi last year.

6. My uncle has been in Delhi for the last ten years.




(28)

1. সেইজন মোৰ খুড়া।

2. তেওঁ গুৱাহাটীত থাকে।

3. গুৱাহাটীত এখন চিৰিয়াখানা আছে।

4. আমাৰ খুড়া চিৰিয়াখানাৰে এজন কৰ্মচাৰী।

5. যোৱা পূজা বন্ধত মই গুৱাহাটীলৈ গৈছিলো।

Answers:

1. That is my uncle.

2. He lives in Guwahati.

3. There is a zoo in Guwahati.

4. My uncle is an employee in the zoo.

5. I went to Guwahati during the last puja holidays.




(29)

1. কমল যোৱা পাঁ‌চ বছৰ ধৰি এই বিদ্যালয়তে পঢ়ি আছে।

2. সি সদায় খোজকাঢ়ি বিদ্যালয়লৈ যায়।

3. শ্ৰেণীৰ ভিতৰতে সি সৰ্বশ্ৰেষ্ঠ ছাত্ৰ।

4. এদিন সি বিদ্যালয়লৈ গৈ পোৱাৰ আগতে শ্ৰেণী আৰম্ভ হৈছিল।

5. শিক্ষকে ক'লে, "কেতিয়াও বিদ্যালয়লৈ দেৰিকৈ নাহিবা।"

Answers:

1. Kamal has been reading in this school for the last five years.

2. He always goes to school on foot.

3. He is the best student in the class.

4. One day classes had begun before he reached the school.

5. The teacher said, "Never come late to school."




(30)

1. ৰাম এজন সাধু ল'ৰা।

2. তেওঁ ইংৰাজী আৰু হিন্দী কব পাৰে।

3. মানুহজনে ৰাতিপুৱাৰ পৰাই পথাৰত কাম কৰি আছে।

4. বাগিচাত কোনে কাম কৰি আছে?

5. সি ইমানেই দুৰ্বল যে লৰচৰ কৰিবই নোৱাৰে।

Answers:

1. Ram is an honest boy.

2. He can speak both Hindi and English.

3. The man has been working in the field since morning.

4. Who is working in the garden?

5. He is too weak to move.




(31)

1. মই আহি পোৱাৰ আগতে তাই গ'ল।

2. ল'ৰাটোৱে এইমাত্ৰ অংকটো কৰিলে।

3. আমি যাওঁ‌তে তাই পঢ়ি আছিল।

4. অহা বছৰ আমি শ্বিলংলৈ যাম।

5. মানুহজনে ক'লে, "মই এই গাওঁত দহ বছৰ ধৰি বাস কৰিছোঁ‌।"

Answers:

1. She had left before I reached.

2. The boy has done the sum just now.

3. When we visited, she was reading.

4. We shall go to Shillong next year.

5. The man said, "I have been living in this village for ten years."





(32)

1. ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী।

2. আমাৰ গাওঁখন ইয়াৰ পাৰত অৱস্থিত।

3. দেইতাই কৈছিল, "শৰাইঘাট দলং ব্ৰহ্মপুত্ৰৰ ওপৰত আছে।"

4. আজি আমি দলংখন চাবলৈ যাম।

5. সেয়ে আমি বাছেৰে তালৈ গৈ আছো।

Answers:

1. The Brahmaputra is the biggest river in Assam.

2. Our village is situated on its bank.

3. Father said, "The Saraighat Bridge is over the Brahmaputra."

4. We shall go to see the bridge today.

5. So we are going there by bus.




(33)

1. যদিও তেওঁ ধনী, তথাপি তেওঁ সুখী।

2. পৃথিৱী যে সুৰ্যৰ চাৰিওফালে ঘূৰে তাক সকলোৱে জানে।

3. গিলাচটোত অলপমানহে গাখীৰ আছে।

4. অনুগ্ৰহ কৰি তুমি মোক পানী এগিলাচ দিবানে?

5. মই তেখেতক সুধিছিলো, "আপোনাক কিবা সহায় কৰিব পাৰোনে?"

Answers:

1. Though he is rich, he is happy.

2. Everybody knows that the earth moves round the sun.

3. There is a little milk in the glass.

4. Will you please give me a glass of water?

5. I said to him, "How can I help you?"




(34)

1. কোঠাটোত তিনিজনী ছোৱালী আছে।

2. ল'ৰাজন অকল বুধিয়কেই নহয়, পৰিশ্ৰমীও।

3. ৰবীনে ক'লে যে সি গল্পটো লিখা নাই।

4. দূখীয়াৰ প্ৰতি দয়ালু হ'বা।

5. আমি ষ্টেছন পোৱৰ পিছত ৰেলখন এৰিছিল।

Answers:

1. There are three girls in the room.

2. The boy is not only intelligent but also hard-working.

3. Robin said that he had not written the letter.

4. Be kind to the poor.

5. The train left after we had reached the station.




(35)

1. ৰাজেশ এজন সাধু ল'ৰা।

2. সি ডাক্তৰ হ'ব বিচাৰে।

3. অহা গৰমৰ বন্ধত সি দিল্লী চাবলৈ যাব ওলাইছে।

4. সি সৰুতে তাৰ মাক-দেউতাকক হেৰুৱাইছিল।

5. ভালদৰে পঢ়িলে সি পৰীক্ষাত পাছ কৰিব।

Answers:

1. Rajesh is an honest boy.

2. He wants to be a doctor.

3. He is going to visit Delhi during the next summer vacation.

4. He lost his parents in childhood.

5. If he reads well, he will pass the exam.




(36)

1. দীপকৰ দেউতাক গুৱাহাটীত থাকে, নহয়নে?

2. তেওঁৰ বয়স প্ৰায় আশী।

3. তেওঁ মোৰ দেউতাতকৈ দহ বছৰে ডাঙৰ।

4. তেওঁ প্ৰতিমাহে এবাৰকৈ চুলি কটায়।

5. ডেকা কালত তেওঁ এজন ভাল ফুটবল খেলুৱৈ আছিল।

Answers:

1. Dipak's father lives in Guwahati, isn't he?

2. He is about eighty.

3. He is ten years older than my father.

4. He has his hair cut once every month.

5. He was a good football player in youth.




(37)

1. ৰাজু মোৰ ভাল বন্ধু।

2. তুমি তেওঁক ভালদৰে জানা, নহয়নে?

3. কালিৰে পৰা মই তেওঁক দেখা নাই।

4. তেওঁ সাতুৰিবলৈ ভাল পায়।

5. তেওঁ মাক-দেউতাকৰ একমাত্ৰ পুত্ৰ।

Answers:

1. Raju is a good friend of mine.

2. You know him well, don't you?

3. I have not seen him since yesterday.

4. He likes to swim.

5. He is the only son of his parents.




(38)

1. ৰাহুলৰ মাক যোৱাবছৰ ঢুকাইছে।

2. তেওঁলোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো।

3. তেওঁলোকে মোক সুধিলে, "ৰাহুল, কেনে আছা?"

4. মই ক'লো যে মই ভালে আছোঁ‌।

5. মই পঢ়া শেষ কৰাৰ আগতে তেওঁলোক গুচি গ'ল।

Answers:

1. Rahul's mother passed away last year.

2. When they came, I was reading English.

3. They said to me, "How are you, Rahul?"

4. I said that I was fine.

5. They had left before I finished reading.




(39)

1. আমাৰ গাঁঁ‌ৱত এখন প্ৰাথমিক বিদ্যালয় আছে।

2. মোৰ ভণ্টিজনী তাত তিনি বছৰ ধৰি পঢ়ি আছে।

3. গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ।

4. ই শ্বিলঙতকৈ ডাঙৰ চহৰ।

5. শ্বিলঙৰ প্ৰাকৃতিক দৃশ্য বৰ সুন্দৰ।

Answers:

1. There is a primary school in our village.

2. My sister has been reading there for three years.

3. Guwahati is the biggest city in Assam.

4. It is bigger than Shillong.

5. The natural scenery of Shillong is very beautiful.




(40)

1. ভাৰত এখন বিশাল দেশ।

2. ই এছিয়া মহাদেশৰ অন্তৰ্গত।

3. দিল্লী ভাৰতৰ ৰাজধানী।

4. মোৰ দেউতাই যোৱা দহ বছৰ ধৰি তাত চাকৰি কৰি আছে।

5. তুমি কেতিয়াবা দিল্লীলৈ গৈছানে?

6. লাল কিল্লা দিল্লীত অৱস্থিত।

Answers:

1. India is a vast country.

2. It belongs to the continent of Asia.

3. Delhi is the capital of India.

4. My father has been working there for the last ten years.

5. Have you ever gone to Delhi?

6. The Red Fort is situated in Delhi.




(41)

1. মই এজন ভাৰতীয় নাগৰিক।

2. ভাৰতবৰ্ষ আমাৰ জন্মভূমি।

3. অসম ভাৰতৰ এখন সৰু ৰাজ্য।

4. গুৱাহাটী অসমৰ বিখ্যাত মহানগৰ।

5. ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।

Answers:

1. I am an Indian citizen.

2. India is our motherland.

3. Assam is a small state of India.

4. Guwahati is a famous metropolis in Assam.

5. It is situated on the bank of the Brahmaputra.




(42)

1. গুৱাহাটীত এখন চিৰিয়াখানা আছে?

2. তুমি কেতিয়াবা তালৈ গৈছিলা নে?

3. তেওঁ প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল।

4. সি চাহ ভাল নাপায়।

5. মানুহজন ইমান দুৰ্বল যে খোজ কাঢ়িবই নোৱাৰে।

6. ডাক্তৰবাবু এইমাত্ৰ আহিছে।

7. মই তাক কৈছিলোঁ, "বলা, খেলিবলৈ যাওঁ‌।"

8. মই এইখন বিদ্যালয়ত ২০১৩ চনৰ পৰা পঢ়ি আছো।

Answers:

1. There is a zoo in Guwahati.

2. Did you ever go there?

3. He often came to our house.

4. He does not like tea.

5. The man is so weak that he cannot walk.

6. The doctor has just come.

7. I said to him, "Let us go to play."

8. I have been reading in this school since 2013




(43)

1. আমি এখন গাঁ‌ৱত বাস কৰোঁ।

2. গাওঁখন চহৰৰ পৰা আতঁ‌ৰত।

3. দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে।

4. মই দেউতাক মাজে সময়ে সহায় কৰোঁ।

5. তুমি কেতিয়াবা দেউতাক সহায় কৰা নে?

Answers:

1.We live in a village.

2. The village is far away from the town.

3. Father works in our own land.

4. I help my father sometimes.

5. Do you ever help your father?


Read More Exercises Here

Link 1

Link 2

Comments