Skip to main content

Translation | Assamese to English | SEBA HSLC Class 10

Q. Translate into English

1. HSLC Exam 1998

1. তোমাৰ দেউতাৰা কালি আমাৰ গাৱলৈ আহিছিল।
2. তেখেতে এইখন গাঁৱত জন্মগ্ৰহন কৰিছিল।
3. তেখেত মোৰ দেউতাৰ বন্ধু।
4. তোমালোক এতিয়া দিল্লীত থাকা, নহয়জানো?
5. তুমি অসমীয়া লিখিব পাৰানে?
6. অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
7. আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
8. কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।
9. তুমি আহিলে এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা।
10. তোমাক লগ পালে মই বৰ আনন্দ পাম।

Answer:

1. Your father came to our village yesterday.
2. He was born in this village.
3. He is my father's friend.
4. You live in Delhi nowadays, don't you?
5. Can you write Assamese?
6. Please come to our village during the next Bohag Bihu.
7. The Bihu is not held on stage in our village.
8. Some youths sing and dance in the field.
9. If you come, you will be able to enjoy this Bihu dance.
10. I shall be very glad to meet you.



2. HSLC Exam 1999

1. তোমাৰ চিঠিখন কালি পালো।
2. এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।
3. তুমি চিঠি লিখি ভালপোৱা, নহয়নে বাৰু?
4. যদি গৰমৰ বন্ধত আহা, তোমাৰ লগত শ্বিলঙলৈ যাম।
5. শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
6. আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
7. বৰষুণ শস্যৰ কাৰণে ভাল।
8. এইবাৰ বানপানীত বহুত শস্য নষ্ট হল।
9. তুমি সাঁ‌তুৰিব জানানে?
10. দেউতাই কৈছিল, "সাঁ‌তোৰা এটা ভাল ব্যায়াম"।

Answer:

1. I received your letter yesterday.
2. I have just written a letter to you.
3. You like writing letters, don't you?
4. If you come during the summer vacation, I shall go to Shillong with you.
5. The climate of Shillong is better than that of Guwahati.
6. It has been raining here for a few days.
7. Rain is good for crops.
8. Many crops were damaged by the flood this year.
9. Do you know how to swim?
10. Father said, "Swimming is a good exercise."



3. HSLC Exam 2000

1. আমাৰ স্কুলত এখন খেলপথাৰ আছে।
2. আমি তাত ফুটবল খেলোঁ‌।
3. স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়।
4. যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ।
5. তোমালোকৰ স্কুলত খেলপথাৰ আছেনে?
6. তুমি কি খেল আটাইতকৈ ভালপোৱা?
7. আজিকালি কিছুমান ল'ৰা-ছোৱালীয়ে খেলৰ সলনি টেলিভিছন চায়।
8. আমি তেনে কৰা উচিত নহয়।
9. জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ‌ আহা।
10. ভগৱানে আমাক সকলোকে সহায় কৰক।

Answer:

1. There is a playground in our school.
2. We play football there.
3. The sports competitions are held here.
4. I stood first in the 400 meter race last year.
5. Is there a playground in your school?
6. Which game do you like the most?
7. Nowadays some boys and girls watch television instead of playing games.
8. We should not do like that.
9. Let us try to succeed in life.
10. May God help us all.



4. HSLC Exam 2001

1. আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে।
2. যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো।
3. গীতা তিনিবছৰ বয়সৰ পৰা আমেৰিকাত আছে।
4. তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো।
5. আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল।
6. কালি মই চুলি কটালো।
7. বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হ'ল।
8. তেওঁ মোক সুধিলে, "তুমি নৈখন সাঁ‌তুৰি পাৰ হ'ব পাৰিবানে?"
9. তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও হ'ব লাগিব।
10. তুমি কালি লগ পোৱা মানুহজন এজন ভাল সংগীতজ্ঞ।

Answer:

1. Everybody in our family gets up early in the morning.
2. I went to Shillong during the summer vacation last year.
3. Gita has been living in America since she was three years old.
4. I was reading English when you came.
5. The game had started before we reached the playground.
6. I got my hair cut yesterday.
7. The tiger was killed by a hunter named Jim Corbett.
8. He said to me, "Can you swim across the river?"
9. You should be not only intelligent but also industrious.
10. The man whom you met yesterday is a good musician.



5. HSLC Exam 2002

1. মামুৱে পুৱাই উঠে।
2. ল'ৰাবিলাকে সাঁ‌তুৰি আছে।
3. চিকাৰীজনে বাঘটো মাৰিলে।
4. তেওঁলোকে ইয়াত এমাহ থাকিব।
5. প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে।
6. তেওঁক সকলোৱে জানে।
7. ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল।
8. মধুমালা আহোঁতে বৰষুণ দি আছিল।
9. তেওঁ ইংৰাজী জানেনে?
10. শিক্ষকজনে কৈছিল, "সদায় সঁ‌চা কথা কবা"।

Answer:

1. Mamu gets up early in the morning.
2. The boys are swimming.
3. The hunter killed the tiger.
4. They will stay here for a month.
5. Prakash Baruah has been suffering from fever since January.
6. Everybody knows him.
7. The patient had died before the doctor came.
8. It was raining when Madhumala came.
9. Does he know English?
10. The teacher said, "Always speak the truth."



6. HSLC Exam 2003

1. মই এতিয়া স্কুললৈ যাম।
2. আমাৰ স্কুল ন বজাত বহে।
3. মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁ‌গৈ।
4. আমাৰ স্কুলত আজি এখন তৰ্ক প্ৰতিযোগিতা হ'ব।
5. ময়ো তাত অংশ গ্ৰহণ কৰিম।
6. মই ইংৰাজীতে ক'ম বুলি ঠিক কৰিছোঁ‌।
7. প্ৰধান শিক্ষকক আজি মই এই বিষয়ে ক'ম।
8. এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
9. যোৱা বছৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ।
10. মোৰ মা-দেউতাই বৰ আনন্দ পাইছিল।

Answer:

1. I shall go to school now.
2. Our school starts at 9 O'clock.
3. I always reach school before the bell rings.
4. There will be a debate competition in our school today.
5. I shall also participate there.
6. I have decided to speak in English.
7. I shall tell the headmaster about it today.
8. He always encourages us in such matters.
9. I stood first in the debate competition last year.
10. My parents were very happy.



7. HSLC Exam 2004

1. আমাৰ গাওঁখন এটা পিচপৰা অঞ্চলত।
2. গাওঁখন সৰু, জনসংখ্যাও কম।
3. প্ৰতিবছৰে ইয়াত বানপানী হয়।
4. গাঁ‌ৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া।
5. প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে।
6. আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম।
7. ইয়াত এখন প্ৰাথমিক বিদ্যালয়হে আছে।
8. মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলোঁ।
9. এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ‌।
10. আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ কাঢ়িব লাগে।

Answer:

1. Our village is situated in a backward area.
2. The village is small; so is its population.
3. Floods occur here every year.
4. Most of the people of the village are farmers and they are also very poor.
5. Floods cause them a lot of damage every year.
6. The number of educated people in our village is also very small.
7. There is only a primary school here.
8. My sister and I also read there.
9. We are reading in a high school now.
10. We have to walk a long distance to reach school.



8. HSLC Exam 2005

1. মই এজন ভাৰতীয় নাগৰিক। ভাৰতবৰ্ষ এখন বিশাল দেশ। অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য। ই ভাৰতৰ উত্তৰ-পূৱ দিশত অৱস্থিত। মোৰ অসমত জন্ম হৈছিল। বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত। গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ। ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছো। মোৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ। আমাৰ বিদ্যালয়ৰ উন্নতিৰ বাবে দেউতাই কঠোৰ পৰিশ্ৰম কৰে।

Answer:

1. I am an Indian citizen. India is a vast country. Assam is a small state of India. It is situated in the North-East of India. I was born in Assam. My residence is in Guwahati at present. Guwahati is the biggest city of Assam. I am reading in an Assamese medium school here. My father is the principal of our school. Father works hard for the development of our school.



9. HSLC Exam 2006

1. আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে। আমি মাজে-সময়ে তাতে খেলা-ধূলা কৰোঁ। শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে। আমাৰ প্ৰধান শিক্ষকে কয়, "তোমালোকে খেলত ভাগ ল'ব লাগে। ই স্বাস্থ্যৰ বাবে উপকাৰী।" সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়। মই ফুটবল অথবা ভলীবল খেলোঁ‌। আন কিছুমানে ক্ৰিকেট খেলে। বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ‌। দুই-এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে।

Answer:

1. There is a playground in front of our school. Sometimes we play there. The teachers encourage us to play. Our headmaster says, "You should take part in games. It is beneficial to health." We are allowed to play once a week. I play either football or volleyball. Some others play cricket. We come here to play during holidays. A few young teachers also come to play with us.



10. HSLC Exam 2007

আমি এখন গাঁ‌ৱত বাস কৰোঁ। গাওঁখন চহৰৰ পৰা বেছি আঁ‌তৰত নহয়। ঘৰত মোৰ মা-দেউতা আৰু ভনী এজনী আছে। দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে। তেখেতক সহায় কৰিবলৈ দুজন বনুৱাও ৰাখিছে। আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে। সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়। আমাৰ এটা মাছ পোহা পুখুৰীও আছে। কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে। মাজে-সময়ে আমি নৈত মাছ ধৰোঁ‌।

Answer:

1. We live in a village. The village is not very far from the town. I have parents and a young sister in our family. Father cultivates in our own land. He has also engaged two labourers to help him. We don't have to buy many of our essential goods. They are produced in our field. We have a fishery too. The river Kaldia flows by our house. We catch fish in the river every now and then.



11. HSLC Exam 2008

1. বেলি পূৱত উঠে আৰু পশ্চিমত মাৰ যায়।
2. তোমালোকে এতিয়া কি কৰি আছা?
3. আমি সদায় নদীৰ পাৰত ফুৰোঁ‌।
4. ছোৱালীজনীয়ে গান গাই আছে।
5. তুমি গাড়ী চলাব পাৰা নে?
6. তেওঁৰ ভাগৰ লাগিছে।
7. ল'ৰাটোক বুধিয়ক যেন লাগে।
8. যোৱামাহত মই তিতাবৰলৈ গৈছিলোঁ‌।
9. তাত মোৰ মা-দেউতা থাকে।
10. তেওঁলোক তাত জন্মৰ পৰাই আছে।

Answer:

1. The Sun rises in the east and sets in the west.
2. What are you doing now?
3. We always walk along the river side.
4. The girl is singing a song.
5. Can you drive a car?
6. He is tired.
7. The boy seems to be intelligent.
8. I went to Titabar last month.
9. My parents live there.
10. They have been living there since they were born.



12. HSLC Exam 2009

আজি দেওবাৰ। আমাৰ দেউতাও ঘৰতে থাকিব। তেখেত চৰকাৰী চাকৰিয়াল। মই আৰু মোৰ ভাইটো আজি চিৰিয়াখানা চাবলৈ যাম। যোৱাকালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ। তেখেতে ক'লে, "আৰু কোনোবা যাব নেকি?" মই ক'লো যে আমাৰ লগত অইন কোনো নাযায়। আমি দুয়োজন একেলগে যাম। তেতিয়া দেউতাই ক'লে, "তেনেদৰে যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে লৈ যাম।"

Answer:

1. Today is Sunday. Our father too will stay at home. He is a government employee. My brother and I will go to the zoo today. We sought permission from father yesterday. He said, "Will anybody else go?" I replied that nobody else would go with us. Both of us will go together. Then father said, "You can not go in this way. I shall take you by car."



13. HSLC Exam 2010

ৰাজীৱ আৰু মই একে শ্ৰেণীত পঢ়ো। ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক। তেখেতে আমাক বিজ্ঞান শিকায়। আজি মই স্কুললৈ যাব পৰা নাছিলো। মোৰ মাৰ অসুখ হৈছিল। মই ডাক্তৰ মাতিবলৈ গৈছিলো। আবেলি মই ৰাজীৱক লগ পাবলৈ গ'লো। শ্ৰেণীত কি শিকোৱা হ'ল মই জানিব খুজিছিলো। ৰাজীৱৰ দেউতাকে মোক সুধিলে, "আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?" মই তেখেতক ক'লো যে মোৰ মাৰ অসুখ।

Answer:

1. Rajib and I read in the same class. Rajib's father is our teacher. He teaches us science. I could not go to school today. My mother was ill. I went to call a doctor. I went to meet Rajib in the afternoon. I wanted to know what had been taught in the class. Rajib's father said to me, "You did not go to school today, did you?" I told him that my mother had been ill.



14. HSLC Exam 2011

ললিতা এজনী মেধাৱী ছাত্ৰী। এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল। তেওঁ তাইক কৈছিল, "এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা, নহয়নে? যদি তুমি নতুন শব্দ এটা পোৱা, অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা।" অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে। উপহাৰটোৱে সঁ‌চাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে। তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে। এতিয়া পৰীক্ষাৰ কাৰণে তাই খুব পঢ়ি আছে।

Answer:

1. Lalita is a meritorious student. Her maternal uncle presented her with an English dictionary a year ago. He said to her, "A dictionary is an essential aid for learning a language, isn't it?" If you find a new word, look it up in the dictionary and learn its meaning and uses. He taught her how to use a dictionary. The present really inspired Lalita. The dictionary has been her companion in the reading room since then. She is now studying hard for the examination.



15. HSLC Exam 2012

1. সজ-নাগৰিকসকল দেশ এখনৰ সম্পদ।
2. দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে।
3. ছাত্ৰ-অৱস্থা হ'ল প্ৰস্তুতিৰ সময়।
4. এই সময়তে ছাত্ৰ-ছাত্ৰী সকলে সজ-অভ্যাসবোৰ অনুশীলন কৰা উচিত।
5. তেতিয়াহে তেওঁলোক ভবিষ্যতে সুনাগৰিক হব পাৰিব।
6. এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পাৰে।

Answer:

1. Good citizens are the assets of a country.
2. The progress of the country depends on them.
3. Student life is the time for preparation.
4. Students should cultivate good habits during this very period.
5. Only then they can become good citizens in future.
6. Teachers can guide the students in this regard.



16. HSLC Exam 2013

1. গছৰ পাতবোৰ সেউজীয়া।
2. গছে আমাক ফুল, ফল আৰু ছাঁ‌ দিয়ে।
3. জ্ঞানীলোকে কয়, "এজোপা গছ দহজন পুতেকৰ সমান"।
4. তুমি গছৰ যতন কৰানে?
5. পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন ল'বই লাগিব।
6. গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।

Answer:

1. The leaves of trees are green.
2. Trees give us flowers, fruit and shade.
3. The wise says, "A tree is equal to ten sons."
4. Do you take care of trees?
5. We must take care of trees to keep the earth green.
6. Trees and creatures are dependent on each other.



17. HSLC Exam 2014

1. অসম এখন ধুনীয়া প্ৰদেশ।
2. ই ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্তত অৱস্থিত।
3. শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম ব্যক্তি।
4. মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।
5. তুমি মটৰগাড়ী চলাব জানানে?
6. শিক্ষকজনে ৰমেনক ক'লে, "আলিবাট পাৰ হওঁ‌তে সাৱধান হ'বা।"

Ansswer:

1. Assam is a beautiful state.
2. It is situated in the northeast of India.
3. Srimanta Sankardev is the greatest man of Assam.
4. Man should always love his fellowmen.
5. Do you know how to drive a car?
6. The teacher said to Ramen, "Be careful while crossing the road."



18. HSLC Exam 2015

1. মায়ে মোক সুধিছিল, "সচাঁ‌ কথা কৈছানে?"
2. মই সাঁ‌তুৰিব নোৱাৰাৰ নিচিনাই।
3. তুমি কেতিয়াবা সিংহ দেখিছানে?
4. যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ‌।
5. মই নহালৈকে তুমি ৰ'বা।

Answer:

1. Mother said to me, "Are you telling the truth?"
2. I almost don't know how to swim.
3. Have you ever seen a lion?
4. I know the man who came to our school today.
5. Wait until I return.



19. HSLC Exam 2016

1. এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ।
2. সোন এবিধ মূল্যবান ধাতু।
3. অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা।
4. তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ‌।
5. আলিবাট পাৰ হওঁ‌তে সাৱধান হ'বা।

Answer:

1. This book is mine and that is yours.
2. Gold is a precious metal.
3. Kindly tell him to open the door.
4. When he came, I was reading a newspaper.
5. Be careful while crossing the road.



20. HSLC Exam 2017

1. পৃথিৱীখন ঘূৰণীয়া।
2. তেওঁলোকক ভিতৰলৈ আহিব দিয়া।
3. তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা?
4. আজি ৰাতি বৰষুণ দিব পাৰে।
5. বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়।

Answer:

1. The earth is round.
2. Let them come in.
3. How much time do you study daily?
4. It may rain tonight.
5. The old man speaks very slowly.



21. HSLC Exam 2018

1. মীনা যেনেকুৱা বুধিয়ক, লীলাও তেনেকুৱা।
2. জোনে ৰাতিহে পোহৰ দিয়ে।
3. তুমি কালি স্কুললৈ গৈছিলানে?
4. সি ককায়েকক খুব ভাল পায়।
5. ৰিণ্টুৱে কৈছিল, "এইটো কি সুন্দৰ পুতলা!"

Answer:

1. Mina is as intelligent as Lila.
2. The moon gives light only at night.
3. Did you go to school yesterday?
4. He loves his elder brother very much.
5. Rintu said, "How beautiful this doll is!"



22. HSLC Exam 2019

1. যদুৱে মোক সুধিছিল, "ৰাজু ইংৰাজীত ভালনে?"
2. দোক্ মোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস।
3. মিছা কথা কোৱা উচিত নহয়।
4. সৌ গছডাল ইমান ওখ!
5. কিতাপখন টেবুলৰ ওপৰত আছে।

Answer:

1. Jadu said to me, "Is Raju good in English?"
2. It is his habit to get up at dawn.
3. One should not tell a lie.
4. How tall that tree is!
5. The book is on the table.



23. HSLC Exam 2020

1. আকাশত মেঘ নাছিল।
2. শিক্ষকজনে কৈছিল, "সদায় সঁ‌চা কথা কবা।
3. তুমি নৈখন সাঁ‌তুৰি পাৰ হ'ব পাৰিবানে?
4. প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে।
5. মৌ খাবলৈ মিঠা।
6. মোৰ এটা কলমৰ প্ৰয়োজন।

Answer:

1. There was no cloud in the sky.
2. The teacher said, "Always speak the truth."
3. Can you swim across the river?
4. Promises should be kept.
5. Honey tastes sweet.
6. I need a pen.


Read More More Translations



Link 3 (Coming Soon)

Comments

  1. Thank you very much ...it's very helpful..

    ReplyDelete
  2. Sir please give more translation

    ReplyDelete
  3. Hundor... I liked it vry much..
    Thanq so much sir..
    Plz help like this only..

    ReplyDelete
  4. Sir translate in to English পৃথিৱীখন যে ঘুৰণীয়া তাক সকলোৱে মানে

    ReplyDelete
  5. Thank you very much for this!

    ReplyDelete
  6. Add additional important translations.
    It will be helpful....

    ReplyDelete
    Replies
    1. Sir please add additional important translation of class 10 questions Bank

      Delete
  7. Sir please add additional translations from question bank

    ReplyDelete
  8. Sir konoye additional nidiya question bank r pora sir apuni please dibo

    ReplyDelete
  9. Sir muk 10r kitap khonor pora 1st lesson tu bujai dibo paribo neki

    ReplyDelete
  10. তুমি গছ ভাল পোৱা। নহয়নে?

    ReplyDelete
  11. মোৰ ককাহঁতে এই গাঁৱত 1940 চনৰ পৰাই বাস কৰি আছে translate plz

    ReplyDelete
    Replies
    1. My uncle has been living in this village from 1940

      Delete
    2. My grandfathe,s have been living in this villege since 1940 is it correct

      Delete
    3. My Grandfather's heve been living in this village since 1940

      Delete
    4. My grandfathers are been living this village since 1940.

      Delete
  12. তেওঁ সদায় ভৰিৰে খোজ কাঢ়ি স্কুললৈ যায়

    ReplyDelete
  13. কালি চিঠিখন পালোঁ । translate into English

    ReplyDelete
  14. তেওঁ ভালকৈ ইংৰাজী কয়।

    ReplyDelete

Post a Comment