Skip to main content

Sentences: Assertive, Interrogative, Imperative, Optative, Exclamatory | উদ্দেশ্য অনুযায়ী বাক্যৰ প্ৰকাৰ

Sentence কাক বোলে?

দুই বা তাতোধিক শব্দ বা word লগলাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে, তাক Sentence বা বাক্য বোলে। (Read Details here)



Sentence ৰ প্ৰকাৰ কেইটা আৰু কি কি?

অৰ্থ বা অৰ্থ প্ৰকাশৰ ধৰণ বা উদ্দেশ্যৰ (according to purpose, meaning, function or manner of expression) ওপৰত ভিত্তি কৰি বাক্যক পাঁ‌চটা ভাগত ভগাব পাৰি।



1. Assertive Sentences (বৰ্ণনাত্মক বাক্য)-


যি Sentence এ কোনো ব্যক্তি, বস্তু বা ঘটনাৰ বৰ্ণনা দিয়ে, তাক Assertive Sentence বা সাধাৰণ বৰ্ণনাত্মক বাক্য বোলে। এইবিধ Sentence ক Declarative Sentence বা Statement বুলিও কোৱা হয়। এইবিধ বাক্যই আমাক কোনো ব্যক্তি, বস্তু বা ঘটনাৰ বিষয়ে কিবা তথ্য বা খবৰ দিয়ে। এইবিধ বাক্যৰ শেষত Full Stop (.) দিয়া হয়।

Assertive Sentence ৰ উদাহৰণ-

The Sun rises in the east.
সূৰ্য পূবফালে উদয় হয়।
The earth is round.
পৃথিৱীখন ঘূৰণীয়া।
I am a student.
মই এজন ছাত্ৰ।
He plays football everyday.
সি সদায় ফুটবল খেলে।
She will reach home by 5 PM.
তাই ৫ বজাৰ ভিতৰত ঘৰ পাবহি।
I don't play cricket.
মই ক্ৰিকেট নেখেলোঁ।
She doesn't like tea.
তাই চাহ ভাল নাপায়।
You should buy an umbrella.
তুমি এটা ছাতি কিনা উচিত।
They won't attend the meeting.
তেওঁলোকে সভাখনলৈ নাযায়।
She reads in class V.
তাই পঞ্চম শ্ৰেণীত পঢ়ে।





2. Interrogative Sentences (প্ৰশ্নবোধক বাক্য)-

যি Sentence এ প্ৰশ্ন সোধে, তাক Interrogative Sentence বা প্ৰশ্নবোধক বাক্য বোলে। এইবিধ বাক্যক Questions বুলিও কোৱা হয়। এনে বাক্যৰ শেষত Question Mark (?) ব্যৱহাৰ কৰা হয়।


Interrogative Sentence ৰ উদাহৰণ-

What is your name?
তোমাৰ নাম কি?
When is her birthday?
তাইৰ জন্মদিন কেতিয়া?
Where do you live?
তুমি ক'ত থাকা?
Where are you going now?
তুমি এতিয়া ক'লৈ যোৱা?
What class do you read in?
তুমি কোন শ্ৰেণীত পঢ়া?
Who is Mr Roy?
শ্ৰীযুত ৰয় কোন?
Where did you go yesterday?
যোৱাকালি ক'লৈ গৈছিলা?
How are you?
তুমি কেনে আছা?
How did you find this story?
এই সাধুটো কেনে লাগিছে?
How did it happen?
এইটো কেনেকৈ হ'ল?
Have you met your brother today?
তোমাৰ ককাইদেউক আজি লগ পাইছানে?
Are you ready now?
তুমি এতিয়া প্ৰস্তুত নে?
Has the bus come?
বাছখন আহিল নে?
Have you a pen?
তোমৰ লগত এডাল কলম আছেনে?
Do you have a pen?
তোমাৰ লগত এডাল কলম আছেনে?
Will you go there today?
তুমি আজি তালৈ যাবানে?
Did you go to the market yesterday?
যোৱাকালি তুমি বজাৰলৈ গৈছিলানে?
Am I wrong?
মই ভুল কৰিলো নেকি?
Is he angry?
তেওঁৰ খং উঠিছে নেকি?
Doesn't he like coffee?
তেওঁ কফি ভাল নাপায় নেকি?
Are they not rich people?
তেওঁলোক চহকী মানুহ নহয় নে?
Do you know him?
তুমি তেওঁক চিনি পোৱানে?
Has he met Romen or Gitanjali?
তেওঁ কাক লগ পাইছিল, ৰমেন নে গীতাঞ্জলী?
Do you like tea or coffee?
তুমি চাহ ভালপোৱা নে কফি?
Will you go there today or tomorrow?
তুমি তালৈ আজি যাবা নে কাইলৈ?
Is it Sunday or Monday today?
আজি ৰবিবাৰ নে সোমবাৰ?
Are you going to Bhutan or Nepal?
তুমি কলৈ যাবা, ভুটান নে নেপাল?
He is going to market, isn't he?
তেওঁ বজাৰলৈ গৈ আছে, নহয় নে?
Go there, won't you?
তালৈ যোৱা, নাযাবানে?





3. Imperative Sentences (আদেশ সূচক বাক্য)-

যি Sentence ৰ দ্বাৰা আদেশ, উপদেশ, অনুৰোধ আদি দিয়া হয়, তাক Imperative Sentence বা আদেশ, অনুৰোধ, উপদেশ প্ৰকাশক বাক্য বোলে। এনে বাক্যত Subject সদায় 'You' হয় আৰু ই সাধাৰণতে উহ্য থাকে। বহুতৰ মাজৰ পৰা এজনক নিৰ্দ্দিষ্টকৈ দেখুৱাই দিবলৈ বা জোৰ দিয়া বুজাবলৈ 'You' লিখা বা কোৱা হয়। নহলে ই উহ্য থাকে। এইবিধ বাক্যৰ শেষত Full Stop (.) ব্যৱহাৰ কৰা হয়।

Imperative Sentences ৰ উদাহৰণ-

Take care of yourself.
নিজৰ যত্ন লোৱা। বা ভালদৰে থাকা।
Study attentively.
মনোযোগেৰে অধ্যয়ন কৰা।
Wait a few minutes.
কেই মিনিট মান অপেক্ষা কৰা।
Go there.
তালৈ যোৱা।
Come here.
ইয়ালৈ আহা।
Stop.
ৰ'বা।
Read loudly.
ডাঙৰকৈ শব্দ কৰি পঢ়া।
Tell me the story.
মোক সাধুটো কোৱা।
Don't go there.
তালৈ নাযাবা।
Please help me.
অনুগ্ৰহ কৰি মোক সহায় কৰা।
Let me do the work.
মোক কামটো কৰিবলৈ দিয়া।
Let them go now.
তেওঁলোকক এতিয়া যাব দিয়া।
Let him do the work.
তেওঁক কামটো কৰিবলৈ দিয়া।
Do the work.
কামটো কৰা।
Keep the book on the table.
কিতাপখন মেজৰ ওপৰত থোৱা।
You go there.
তুমি তালৈ যোৱা।
You tell them.
তুমি তেওঁলোকক কোৱা।






4. Optative Sentences (সদিচ্ছা সূচক বাক্য)

যি Sentence ৰ দ্বাৰা ইচ্ছা, আকাংক্ষা, প্ৰাৰ্থনা আদি প্ৰকাশ কৰা হয়, তাক Optative Sentence বা সদিচ্ছা সূচক বাক্য বোলা হয়। এনে বাক্য সাধাৰণতে 'May' ৰে আৰম্ভ হয়। কেতিয়াবা 'May' উহ্য থাকিব পাৰে। কিছুমান বাক্য 'Wish' ৰে আৰম্ভ হয় কিন্তু 'Wish' উহ্য থাকে যেনে- Good Morning (Wish you a good morning). শেষত Full Stop (.) দিয়া হয়।

Optative Sentence ৰ উদাহৰণ-

May God bless you.
ঈশ্বৰে তোমাৰ মংগল কৰক।
May you live long.
তুমি দীৰ্ঘজীৱী হোৱা।
Long live our king.
আমাৰ ৰজা দীৰ্ঘজীৱী হওঁক।
Wish you a happy married life.
বিবাহিত জীৱনত সুখী হোৱা।
May he not suffer.
তেওঁ যেন যন্ত্ৰণা ভোগ নকৰে।
May he not fall in danger.
তেওঁৰ বিপদ নহওক।
May the Almighty save our country.
সৰ্বশক্তিমান ঈশ্বৰে আমাৰ দেশখন ৰক্ষা কৰক।
May his soul rest in peace.
তেওঁৰ আত্মাই শান্তি পাওক।
Good Morning!
সুপ্ৰভাত!
Good Evening!
শুভ সন্ধিয়া!
Let not the boy suffer!
লৰাজন যেন কষ্ট সহিব নালাগে!
Let them not suffer!
তেওঁলোক যেন কষ্ট সহিব নালাগে!






5. Exclamatory Sentence (আবেগ সূচক বাক্য)

যি Sentence ৰ দ্বাৰা আমাৰ মনত হঠাতে উদয় হোৱা আবেগ, অনুভূতি, সুখ, বেদনা, বিস্ময় আদি ভাব প্ৰকাশ কৰা হয়, তাক Exclamatory Sentence বা আবেগ সূচক বাক্য বা ভাববোধক বাক্য বোলে। এইবিধ বাক্যৰ শেষত Note of Exclamation (ভাববোধক চিন) বহে। কিন্তু যদি বাক্যৰ আৰম্ভণিতে Interjection বা ভাববোধক অব্যয় (Hurrah, alas আদি) থাকে, তেন্তে Interjection টোৰ পিছত ভাব বোধক চিন আৰু বাক্যৰ শেষত Full Stop ব্যৱহাৰ হয়।

Exclamatory Sentence ৰ উদাহৰণ-

What beautiful scenery it is!
কি ধুনীয়া দৃশ্য এইটো!
Thank God!
হে ভগৱান!
Hurrah! We have won.
হুৰৰে! আমি জিকিলোঁ।
My life has changed totally without you!
তোমাৰ অবিহনে মোৰ জীৱনটো সম্পূৰ্ণ পৰিবৰ্তন হৈ গ'ল।
Alas! he is dead.
হায়! তেওঁ ঢুকাল।
What a beautiful sight!
কি ধুনীয়া দৃশ্য!
How nice it is!
কিমান বঢ়িয়া!
I hate you!
মই তোমাক ঘিণ কৰোঁ!
How sad!
কিমান দুঃখজনক!
How sweet!
কিমান মিঠা!
How cute the baby is!
কেচুৱাটো কিমান ধুনীয়া!

ওপৰৰ প্ৰতিটো ভাগৰে আকৌ Affirmative (হয় বোলা) আৰু Negative (নহয় বোলা) দুটা ভাগ আছে। Affirmative Sentence এ হয় বা আছে বুজায় আৰু Negative Sentence নহয় বা নাই বুজায়। সাধাৰণতে Affirmative Sentence টোত No, not, none, neither, never ইত্যাদি যোগ কৰিলে Negative Sentence পোৱা যায়।

Comments