Skip to main content

What is Sentence? | বাক্য কাক বোলে?

Sentence কাক বোলে?

মনৰ ভাব প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা আৰু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা শব্দ বা শব্দ সমষ্টিক ইংৰাজীত Sentence বা বাক্য বোলে।


শব্দ সমষ্টি মানেই Sentence নহয়-

তলৰ 'ক' অংশৰ শব্দ সমষ্টিবোৰ মন কৰা-

'ক'

1. In the evening. আবেলি।

2. Day before yesterday. যোৱা পৰহি।

3. Best physician. শ্ৰেষ্ট চিকিৎসক।

4. The sun. সূৰ্যটো।

5. Her father. তাইৰ দেউতাক।

ওপৰৰ শব্দ সমষ্টি সমূহে কোনো সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে। ইহঁতক বাক্য বুলিব নোৱাৰি।


এতিয়া তলৰ 'খ' অংশৰ শব্দ সমষ্টিবোৰলৈ মন কৰা-

'খ'

1. I met him in the evening.

মই তেওঁক আবেলি লগ পাইছিলোঁ।

2. He came here the day before yesterday.

তেওঁ যোৱা পৰহি ইয়ালৈ আহিছিল।

3. He is the best physician in the town.

তেওঁ চহৰখনৰ ভিতৰতে শ্ৰেষ্ঠ চিকিৎসক।

4. The sun rises in the east.

সূৰ্য পূব ফালে উদয় হয়।

5. Her father is a teacher.

তাইৰ দেউতাক এজন শিক্ষক।


ওপৰৰ 'খ' অংশৰ প্ৰতিটো শব্দ সমষ্টিয়েই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। ইহঁতক একো একোটা Sentence বা বাক্য বোলা হয়। এনেদৰে কেইটামান শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে, তাক Sentence বা বাক্য বোলে।



Sentence এ কেই ধৰণৰ অৰ্থ প্ৰকাশ কৰে-

Sentence এটাই পাচ ধৰণৰ অৰ্থ প্ৰকাশ কৰিব পাৰে। যেনে-

1. সাধাৰণ বৰ্ণনা কৰিব পাৰে-

Honey is sweet. মৌ মিঠা।

2. প্ৰশ্ন কৰিব পাৰে-

What is your name? তোমাৰ নাম কি?

3. আদেশ, অনুৰোধ, উপদেশ দিব পাৰে-

Please help me. অনুগ্ৰহ কৰি মোক সহায় কৰক।

4. ইচ্ছা, আকাংক্ষা আদি ভাব প্ৰকাশ কৰিব পাৰে-

God bless us. ঈশ্বৰে আমাৰ মংগল কৰক।

5. আবেগ প্ৰকাশ কৰিব পাৰে-

Alas! He is dead. হায়! তেঁ‌ও ঢুকাইছে।



Sentence এটাত কি কি বৈশিষ্ট্য থাকে-

1. Sentence এটাত অতিকমেও এটা Subject আৰু এটা Predicate থাকে।

Honey is sweet.

Honey- Subject, is sweet- Predicate

I go.

I- Subject, go- Predicate

2. Subject টো কেতিয়াবা উহ্যও থাকিব পাৰে। বিশেষকৈ Imperative Sentence বোৰত Subject টো উহ্য থাকে। 

Come here. (ইয়াত Subject 'You') উহ্য আছে।

3. এটা শব্দ বা শব্দ সমষ্টিয়ে সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰিলেও ইয়াক বাক্য বুলিব পাৰি যদিহে ই ব্যৱহাৰ হোৱা পৰিস্থিতিত (Context) অৰ্থ প্ৰকাশ কৰে। এনে বাক্য সাধাৰণতে Imperative (আদেশ, অনুৰোধ,উপদেশ সূচক), Optative (ইচ্ছা বা আকাংক্ষা সূচক) বা Exclamatory (আবেগ সূচক) হয়।

উদাহৰণঃ

Come. আহক। (Imperative)

Go. যাওক। (Imperative)

Stop. ৰ'ব। (Imperative)

Good Morning. সুপ্ৰভাত। (Optative)

What! কি! (Exclamatory)


Comments