Skip to main content

Subject and Predicate: উদ্দেশ্য আৰু বিধেয়

Subject And Predicate: 
উদ্দেশ্য আৰু বিধেয়ঃ

Subject: বাক্যত যি শব্দ বা শব্দ সমষ্টিৰ বিষয়ে কিবা কোৱা হয়, তাক Subject বা উদ্দেশ্য বোলে।

Predicate: Subject ৰ বিষয়ে যি কোৱা হয়, তাক Predicate বা বিধেয় বোলে।


তলৰ বাক্যবোৰলৈ মন কৰা-

He runs. 
I play. 
Birds fly.
Boys play.
God is good.
The man is running.
He has bought some mangoes.
My father is angry. 
They have come here. 
The programme is going on.



ওপৰৰ প্ৰতিটো বাক্যক তলত দিয়া ধৰণে দুটা ভাগত ভগাব পাৰি-

Subject উদ্দেশ্য

Predicate বিধেয়

He

runs

I

play

Birds

fly

Boys

play

God

is good

The man

is running

He

has bought some mangoes

My father

is angry

They

have come here

The programme

is going on





ইয়াত প্ৰথম ভাগটোত কোনো ব্যক্তি, বস্তু বা ঘটনাৰ বিষয়ে কোৱা হৈছে। এইবোৰ Subject বা উদ্দেশ্য।বাক্যটোত যি শব্দ বা শব্দ সমষ্টিৰ বিষয়ে কিবা কোৱা হয়, তাক Subject বোলে। Subject টো Noun বা Noun ৰ সমতুল্য পদ। ই এটা শব্দ বা শব্দ সমষ্টিও হ'ব পাৰে।

দ্বিতীয় ভাগটোত Subject ৰ বিষয়ে কোৱা হৈছে। Subject ৰ বিষয়ে যি কোৱা হয়, তাক Predicate বা উদ্দেশ্য বোলে। উল্লেখ্য যে Predicate টোত এটা finite verb থাকে। Predicate টোত এটা verb বা verb ৰ লগতে অন্যান্য শব্দও যোগ হৈ থাকিব পাৰে।




Imperative Sentence ৰ Subject আৰু Predicate:

যিহেতু Imperative Sentence ৰ Subect 'You' সাধাৰণতে উহ্য থাকে, এই Sentence ৰ বেলিকা সম্পুৰ্ণ বাক্যটোকে Predicate বুলি ধৰি লোৱা হয় আৰু Subject 'You' বুলি মনতে (Mentally Supply কৰা হয়) ধৰি লব লাগে। তলৰ উদাহৰণ বোৰ চোৱা। বন্ধনীৰ ভিতৰত থকা 'You' টো Subject বুলি ধৰি লোৱা হৈছে। শেষৰ বাক্য দুটাত bracket নাই কাৰণ তাত Subject টো দিয়া আছে।


(You) take care of yourself.
(You) go there.
(You) please help me.
You shut up.
Robin, you go there. (Robin, you - Subject)




Subject আৰু Predicate: অতিৰিক্ত উদাহৰণ-


Subject

Predicate

Ajoy

runs

Dogs

bark

It

rains

We

are hungry

The bird

sings

The cow

eats grass

They

are playing

His name

is known to me

The dog

barks

She

is my wife

Mr Baruah

is my father

The teacher

is teaching English

Robin and Amit

play together

A little learning

is a dangerous thing

The boys who came here

are my friends

The man who created the trouble

was arrested by the police

He and his brother

visited the Tajmahal

I know the boy who

came here

The man who is standing at the gate

is known to me

Playing hockey

is my hobby

Comments